আধুনিক শিক্ষা প্ৰযুক্তি - North East Quiz Web

North East Quiz Web

A new light

Trending video

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 26 February 2017

আধুনিক শিক্ষা প্ৰযুক্তি


শিক্ষামূলক তাৎপৰ্য আৰু সম্ভাৱনীয়তা বহন কৰা প্ৰযুক্তিবিজ্ঞানৰ বিবিধ জনপ্ৰিয় মাধ্যম বৰ্তমান উদ্ভাৱন কৰি আমাৰ ব্যক্তিগত আৰু সামাজিক জীৱনত তাক উপযোগী কৰি তোলা হৈছে। সেইবোৰ হৈছে কম্পিউটাৰ, ইণ্টাৰনেট, ই-মেইল, টেলিকন্‌ফাৰেনচিং, চিডি-ৰম্‌, ৱেবছাইট আদি। এই শিক্ষাদান মাধ্যমবোৰৰ যথাসম্ভৱ প্ৰয়োজনীয় বিশ্লেষণ আৰু শৈক্ষিক তাৎপৰ্য তলত দাঙি ধৰা হৈছে।

কম্পিউটাৰ বা পৰিকলণ যন্ত্ৰ

পৰিচিতি
কম্পিউটাৰক ভাৰতীয় ভাষাত গণনযন্ত্ৰ স্বৰূপে নামকৰণ কৰা হয়। কুৰি শতিকাৰ মাজভাগত ই হৈছে মানুহৰ দ্বাৰা উদ্ভাৱন কৰা এক অদ্ভূত সৃষ্টি। এই উদ্ভাৱনৰ আশ্চৰ্য একৈশ শতিকালৈকে বৰ্তি থাকি ইয়াৰ পৰা আৰু অধিক উন্নতি আৰু উৎকৰ্ষ সাধনৰ যোগে নতুন নতুন সৃষ্টি আৰু উদ্ভাৱনৰ সম্ভাৱনীয়তা বহন কৰি উঠিছে। শিক্ষা জগতৰ দিশটো এই যন্ত্ৰই মানুহৰ জ্ঞান-অভিজ্ঞতাৰ বিকাশৰ নতুন নতুন ক্ষেত্ৰ মুকলি কৰি তুলিবলৈ সক্ষম হৈছে। আমাৰ কৰ্মজীৱনৰ বিভিন্ন দিশত ই গভীৰভাৱে সোমাই পৰি মানুহৰ যোগ্যতা, কৰ্মক্ষমতা আৰু ইয়াৰ যথাৰ্থতা বৃদ্ধি কৰি তুলিছে। বৰ্তমানৰ যুগক নি:সন্দেহে কম্পিউটাৰৰ যুগ বুলি চিনাক্ত কৰিব পাৰি। এই যন্ত্ৰৰ সংশ্লিষ্ট বিজ্ঞানী আৰু বিশেষজ্ঞসকলে নিৰীক্ষণ কৰে যে ই মানৱ সভ্যতাৰ এক নতুন যুগলৈ মানুহক লৈ যাব পাৰে।
কম্পিউটাৰ কি?
কম্পিউটাৰক এক ইলেক্ট্ৰ’নিক যন্ত্ৰ বা সঁজুলি বুলিব পাৰি। এই যন্ত্ৰই গণনামূলক ক্ৰিয়া অধিক যোগ্যতা। দ্ৰুততা আৰু সঠিকতাৰে সম্পাদন কৰিব পাৰে। এই তড়িৎ যন্ত্ৰই ইয়াক দিয়া নিদেৰ্শনা অনুসৰি প্ৰাপ্ত তথ্য-পাতি সজাই-পৰাই আৰু পৰিচালনা কৰি গণনামূলক সমস্যা সমাধান কৰিব পাৰে। এই যন্ত্ৰই বাৰ্তা গ্ৰহণ কৰিব পাৰে, তাক প্ৰণালীবদ্ধভাৱে উপস্থাপন কৰিব পাৰে আৰু তাৰ প্ৰয়োজনীয় পৰিণতি নিশ্চিত ৰূপত প্ৰদান কৰিব পাৰে। অৱশ্যে কম্পিউটাৰ বুলিলে বৰ্তমান আমি কেৱল ইয়াক মাথোন গণনক্ৰিয়া সম্পাদনকাৰী যন্ত্ৰ বুলিয়ে নুবুজো। ইয়াক অধিক অৰ্থপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণভাৱে মানুহৰ তড়িৎ চালিত মস্তিষ্ক(electronic brain) বা চিন্তন যন্ত্ৰ(thinking machine) বুলিব পাৰি। আধুনিক কম্পিউটাৰে গাণিতিক আৰু বিজ্ঞানমূলক সমস্যা সমাধান কৰিব পাৰে, যিকোনো বিধৰ তথ্য-পাতি, বা-বাতৰি আদি শৃংখলাবদ্ধভাৱে উপস্থাপন, সংৰক্ষণ আৰু পৰিৱেশন কৰিব পাৰে, যি সাধাৰণ মানুহৰ মস্তিষ্কৰ বাবে সম্ভৱ হৈ উঠিব নোৱাৰে। ই চিত্ৰ অংকন কৰিব পাৰে, সংগীতৰ সুৰ ৰচনা কৰিব পাৰে, ছপা কৰা উপাদান প্ৰদান কৰিব পাৰে আৰু আনকি বিভিন্ন যন্ত্ৰও নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ যোগেদি দেশ-বিদেশৰ বিভিন্নজনৰ লগত কথা পাতিব পাৰি আৰু শেহতীয়া বা-বাতৰি সংগ্ৰহ কৰিব পাৰি। এই যন্ত্ৰই চিকিৎসকসকলকো ৰোগীৰ ৰোগ নিৰ্ণয় কৰাত, অস্ত্ৰোপচাৰ কৰাত আৰু চিকিৎসাৰ নিৰ্দেশ প্ৰদান কৰাত সহায় কৰিব পাৰে। দেশৰ বেংক সেৱা, বিমান সেৱা, ৰেল-যাতায়াতৰ বাবে আসন সংৰক্ষণ কৰা, যুদ্ধক্ষেত্ৰত সৈনিকৰ যুদ্ধ পৰিচালনা কৰা আদি গুৰুত্বপূৰ্ণ ক্ৰিয়া পৰিচালনা কৰিব পাৰে। সেয়েহে আজিৰ কম্পিউটাৰে মানুহৰ সকলো সমস্যাজড়িত ক্ৰিয়া যাদুকৰীভাৱে সমাধান কৰি দিব পাৰে। এই যাদুকৰী ৰূপত ক্ৰিয়া সম্পাদন কৰি দিব পৰা বৈদ্যুতিক যন্ত্ৰ কোনে উদ্ভাৱন কৰিছিল, ইয়াৰ সহজ উত্তৰ এটা সহজে দিব পৰা নাযায়। কাৰণ কম্পিউটাৰৰ এনে সফলতাৰ আঁৰত বহুতো বিশিষ্ট প্ৰযুক্তিবিজ্ঞানীৰ নিজ নিজ অৱদান নিহিত হৈ আছে। ই হৈছে এনে এবিধ যন্ত্ৰ, যাৰ ভিন ভিন অংশ আছে আৰু এই অংশবোৰ ভিন ভিন সময়ত একো-একোজন বিজ্ঞানীয়ে কৰা উদ্ভাৱন কাৰ্য বুলিব পাৰি। ইয়াক এবিধ নিৰ্বাক যন্ত্ৰ মাথোন বুলিও ক’ব নোৱাৰি, বৰং অধিক উপযুক্তভাৱে ইয়াক এবিধ প্ৰতিক্ৰিয়াশীল প্ৰক্ৰিয়া স্বৰূপেহে অভিহিত কৰিব পাৰি। কম্পিউটাৰক এদল সুদক্ষ প্ৰযুক্তি বিজ্ঞানীয়ে তেওঁলোকৰ মৌলিক উদ্ভাৱন ক্ষমতাৰে বৰ্তমানৰ অৱস্থাপ্ৰাপ্ত হোৱাকৈ গঢ় দি তুলিছে। ইয়াক সৰ্বপ্ৰথমবাৰৰ বাবে মুক্তভাৱে কাৰ্যসূচী প্ৰস্তুত কৰিব পৰাকৈ গঢ় দি তোলে কন্‌ৰাড জোচে ১৯৩৬ চনত, যাক ‘ZI Computer’ বুলি জনা যায়। ইয়াক শেহতীয়াভাৱে ১৯৮৫ চনত গঢ় দি তোলা যন্ত্ৰক ‘Micro Soft Windows’ বুলি জনা যায়।
কম্পিউটাৰৰ বৈশিষ্ট্যসমূহ
  • ই হৈছে বৈদ্যুতিক যন্ত্ৰ, যাক পূৰ্বে গণন কাৰ্য সহজ কৰি তোলাত সহায় কৰিবৰ বাবে প্ৰয়োগ কৰা হৈছিল।
  • বৰ্তমান কম্পিউটাৰক মানুহৰ এক বৈদ্যুতিক মস্তিষ্ক বা চিন্তন ক্ৰিয়ামূলক যন্ত্ৰ স্বৰূপে জনা যায়, যি মানৱ মস্তিষ্কৰ দ্বাৰা সম্ভৱ হৈ উঠিব নোৱাৰে।
  • কম্পিউটাৰ কেৱল এজন বিশিষ্ট বিজ্ঞানীৰ দ্বাৰা কৰা উদ্ভাৱনমূলক ক্ৰিয়া নহয়। ই হৈছে বিভিন্ন অংশৰ দ্বাৰা সংযুক্ত ৰূপত গঢ়ি উঠা এবিধ যন্ত্ৰ, যাৰ প্ৰতিটো অংশ ভিন ভিন ভাৱে উদ্ভাৱন কৰা হৈছে।
  • ই এটা নিৰ্বাক যন্ত্ৰ মাথোন নহয়, বৰং ইয়াক এবিধ প্ৰতিক্ৰিয়ামূলক প্ৰক্ৰিয়াহে বুলিব পাৰি, যি মানুহক প্ৰশ্ন সুধিব পাৰে, নিদেৰ্শনা দিব পাৰে আৰু সমস্যাৰ সমাধান কৰিব পাৰে।
  • কম্পিউটাৰে সমগ্ৰ পৃথিৱীৰ লোকৰ লগত ইণ্টাৰনেট ব্যৱস্থাৰ মাধ্যমেৰে যোগাযোগ স্থাপন কৰিব পাৰে।
  • ইয়াৰ দ্বাৰা সম্পাদন কৰা ক্ৰিয়াত তাৰ বাৰে বাৰে পুনৰাবৃত্তি কৰিলেও পটুতা, সঠিকতা আৰু স্পষ্টতা ৰক্ষা কৰি চলিব পাৰি।
  • এটা আধুনিক কম্পিউটাৰে বিভিন্ন জটিল বিধৰ ক্ৰিয়াৰ দায়িত্ব গ্ৰহণ কৰিব পাৰে আৰু তাৰ যোগেদি মানুহৰ যোগ্যতা বৃদ্ধি কৰি তুলিব পাৰে।
  • আজিৰ কম্পিউটাৰে মানুহৰ শিক্ষা-জগতত প্ৰযুক্তিবিদ্যাৰ এক সম্ভাৱনীয়তাপূৰ্ণ দিশ মুকলি কৰি তুলিছে, যাৰ সুফল একৈশ শতিকাৰ লোকসকলে লাভ কৰিব পাৰিব।
কম্পিউটাৰৰ প্ৰধান অংশ আৰু তাৰ ক্ৰিয়া-কলাপসমূহ
এই যন্ত্ৰৰ চাৰিটা প্ৰধান ক্ৰিয়া সম্পাদনামূলক অংশ অৱস্থিত। এইকেইটা হৈছে-
  • অন্ত:কৰণ কৌশল (Input devices)
  • বহিষ্কৰণ কৌশল (Output devices)
  • কেন্দ্ৰীয় উৎপাদন গোট (CPU)
  • সংৰক্ষণ কৌশল (Storage devices)
এই প্ৰধান অংশকেইটাৰ ক্ৰিয়া-কলাপৰ চমু বিৱৰণ তলত দাঙি ধৰা হৈছে-
  • অন্ত:কৰণ কৌশল
(ক) চাবি ফলক বা কী-ব’ৰ্ড
ই হৈছে এখন আয়ত আকাৰৰ ফলক, য’ত ১০৮ টা পৃথক পৃথক বিধৰ চাবি অৱস্থিত। এইবোৰে সংখ্যা, আখৰ, চিহ্ন আদি তথ্য-পাতিবোৰ যন্ত্ৰটোৰ মাজত সুমুৱাই ৰখাত সহায় কৰে।
(খ) মাউচ
ই হৈছে এক নিৰ্দেশনাদানকাৰী কৌশল, যাৰ যোগেদি চিত্ৰীয় প্ৰতিৰূপ(graphic image)অংকন কৰিব পাৰি। ইয়াৰ উপৰি মেনু বা তালিকা মুকলি আৰু বন্ধ কৰিব পাৰি।
(গ) স্কেনাৰ
ই হৈছে কম্পিউটাৰৰ এটা চেপেটা আকাৰৰ বহি:অংশ। ইয়াৰ যোগেদি কোনো এটা বস্তুৰ প্ৰতিৰূপ বা প্ৰতিচ্ছবি কম্পিউটাৰত গ্ৰহণ আৰু সংৰক্ষণ কৰিব পৰা যায়।
(ঘ) জয়ষ্টিক্‌ বা আনন্দ লাঠি
কম্পিউটাৰৰ যোগে খেলা-ধূলা আদি কৰিবৰ বাবে ইয়াক প্ৰয়োগ কৰা হয়। এবিধ লাঠিৰ যোগেদি প্ৰদৰ্শিত চিত্ৰৰ গতি নিয়ন্ত্ৰণ কৰা হয়।
  • বহিষ্কৰণ কৌশল (Output devices)
(ক) মণিটৰ বা পৰ্দা
টেলিভিছন যন্ত্ৰত থকাৰ দৰে ই হৈছে এখন পৰ্দা, য’ত আমাৰ প্ৰদৰ্শনৰ বাবে বহিষ্কৰণ কৰা উপাদানবোৰ দেখা পোৱা যায়। এই মণিটৰত দেখা পোৱা উপাদানবোৰৰ পৰাই সংৰক্ষণ কৰিবলৈ বিচৰা বিষয়-বস্তু শুদ্ধ হৈছে নে নাই তাক জানিব পাৰি আৰু প্ৰয়োজন মতে তাৰ সংশোধন কৰিব পাৰি।
(খ) প্ৰিণ্টাৰ বা মুদ্ৰক
কম্পিউটাৰটোৰ লগত সম্বন্ধ থকা ই এক বহি:প্ৰক্ৰিয়া, যাৰ যোগেদি মুদ্ৰণ কাৰ্য সম্পাদন কৰিব পাৰি। প্ৰাপ্ত তথ্য কাকতত মুদ্ৰিত কৰি তাক ব্যৱহাৰৰ বাবে নিজ হাতত পাই উঠাত এই প্ৰিণ্টাৰে সহায় কৰে।
(গ) স্পীকাৰ বা কথক যন্ত্ৰ
কম্পিউটাৰত সংৰক্ষণ কৰা বিভিন্ন স্বৰধ্বনি, সংগীত সুৰ আদি ইয়াৰ যোগেদি বহিষ্কৰণ কৰি তাক প্ৰয়োজন মতে উপভোগ কৰিব পৰা যায়।
  • কেন্দ্ৰীয় প্ৰক্ৰিয়াকৰণ গোট
ইয়াক এটা কম্পিউটাৰৰ মস্তিষ্ক স্বৰূপে বৰ্ণনা কৰিব পাৰি। ইয়াৰ মূল ক্ৰিয়া হৈছে কম্পিউটাৰটোৰ কাৰ্যসূচী সম্পাদনা কৰা। এই অংশতেই সকলো গণনামূলক আৰু যুক্তি প্ৰয়োগকৰণমূলক ক্ৰিয়া, যেনে- বিশ্লেষণমূলক আৰু তুলনামূলক ক্ৰিয়া সম্পাদন কৰা হয়। এই অংশক গণন যন্ত্ৰটোৰ আভ্যন্তৰীণ অংশ স্বৰূপে গণ্য কৰা হয়, যিহেতু ইয়াৰ ক্ৰিয়া-কলাপবোৰৰ বিষয়ে প্ৰত্যক্ষভাৱে জানিব পৰা নাযায়। এই অংশটোৱে স্মৃতিৰ বাবে কৰা অন্ত:কৰণ আৰু বহিষ্কৰণ প্ৰক্ৰিয়া আদিও পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে। ইয়াৰ প্ৰধান শাখাকেইটা হৈছে-
(ক) প্ৰাথমিক স্মৃতি গোট,
(খ) গণিত আৰু যুক্তি প্ৰয়োগকৰণ গোট (ALU),
(গ) নিয়ন্ত্ৰণ গোট।
  • সংৰক্ষণ কৌশল
(ক) ফ্লপি ডিস্ক্‌ বা শিথিল থাল
ই এক নমনীয়, পৰিৱৰ্তনীয় আৰু কম সময়ৰ বাবে কৰিবলগা সংৰক্ষণ কৌশলযুক্ত থাল। প্ৰয়োজনীয় তথ্য-পাতি সংৰক্ষণ কৰিব পৰা ক্ষমতা ইয়াৰ অতি সীমাবদ্ধ। ইয়াৰ নিৰ্ভৰযোগ্যতাও অতি কম।
(খ) হাৰ্ড ডিস্ক্‌ বা কঠিন থাল
ই এবিধ পৰিৱৰ্তন কৰিব নোৱাৰা আৰু সংৰক্ষণৰ উচ্চ ক্ষমতাসম্পন্ন কৌশলযুক্ত থাল। এইবিধ সংৰক্ষণ কৌশলৰ নিৰ্ভৰযোগ্যতাও অধিক আৰু ইয়াত অধিক পৰিমাণে তথ্য সংৰক্ষণ কৰিব পৰা যায়।
(গ) কম্পেক্ট ডিস্ক্‌ বা দৃঢ়ভাৱে একত্ৰে সংযুক্ত থাল
ইয়াৰ আকাৰ হৈছে ঘূৰণীয়া আৰু ইয়াৰ এটা ফাল উজ্জ্বল জকমকীয়া অৱস্থাত থাকে। এই ফালটোতে অধিক পৰিমাণে তথ্য সংগ্ৰহ কৰা থাকে আৰু সেইবাবে ইয়াক কম্পেক্ট ডিস্ক্‌ বোলা হয়। ই এক পাতল কঢ়িয়াই নিব পৰা বিধৰ সঁজুলি। ইয়াৰ সংৰক্ষণ ক্ষমতা ফ্লপি ডিস্ক্‌তকৈ অধিক কিন্তু হাৰ্ড ডিস্ক্‌তকৈ কম।
কম্পিউটাৰৰ বিশেষ গুণসমূহ
  • সঠিকতা ৰক্ষাকাৰী(Maintaining accuracy)
মানুহে কৰিব পৰা কামতকৈ এই যন্ত্ৰই অধিক শুদ্ধ আৰু সঠিকভাৱে কাম কৰিব পাৰে। ই মানুহৰ প্ৰয়োজনীয় তথ্য-পাতিৰ হুবহু ৰূপত স্মৃতি সংৰক্ষণ আৰু তাৰ পুনৰ উদ্ধাৰকৰণ কৰিব পাৰে।
  • সময়ৰ মিতব্যয়িতা ৰক্ষাকাৰী(Time saving)
এই যন্ত্ৰই আজিৰ ব্যস্ত মানুহৰ মূল্যৱান সময় বচাব পাৰে। হাজাৰ হাজাৰখন চিঠি-পত্ৰ ই নিমিষতে ছপা কৰিব পাৰে। এনে কাম মানুহে কৰিবলৈ হ’লে বহুদিন লাগিব পাৰে।
  • স্থিৰভাৱে ক্ৰিয়া সম্পাদনকাৰী(Steady work)
কম্পিউটাৰ যন্ত্ৰই কোনো ভুল-ভ্ৰান্তি নোহোৱাকৈ স্থিৰ আৰু স্বাভাৱিক গতিত বহু সময়ৰ বাবে কাম কৰিব পাৰে। এনে ক্ৰিয়াৰ পুনৰাবৃত্তি কৰিবলৈ দিয়া হ’লেও তাক শুদ্ধ আৰু সঠিকভাৱে কৰিব পাৰে।
  • সুসামঞ্জস্য ৰক্ষাকাৰী(Maintaining consistency)
এই যন্ত্ৰই কৰা ক্ৰিয়াৰ প্ৰাপ্ত ফলাফল সুসামঞ্জস্যপূৰ্ণ হৈ উঠে। এটা কম্পিউটাৰে কৰা ক্ৰিয়াৰ ফলাফলৰ লগত আন এটা কম্পিউটাৰৰ ফলাফলৰ সম্পূৰ্ণ মিল হয়। সকলো বিধৰ জটিলতাপূৰ্ণ কামৰ বাবে সেয়েহে এই যন্ত্ৰ অধিক নিৰ্ভৰযোগ্য।
আধুনিক শিক্ষাত কম্পিউটাৰৰ ভূমিকা
ছাত্ৰ-ছাত্ৰীৰ বাবে
  • কম্পিউটাৰৰ দৃশ্য-শ্ৰাব্য প্ৰভাৱৰ যোগেদি ছাত্ৰসকলে শিক্ষকৰ প্ৰত্যক্ষ প্ৰভাৱতকৈ অধিক সফলভাৱে শিক্ষাগ্ৰহণ কৰিব পাৰে।
  • ছাত্ৰসকলে শিক্ষা স্থায়ীভাৱে লাভ কৰি উঠিবলৈ এই যন্ত্ৰৰ যোগে তাৰ পুনৰাবৃত্তি কৰাৰ সুবিধা পাব পাৰে।
  • ছাত্ৰসকলৰ বোধ-শক্তি পৰীক্ষা কৰি চাবৰ বাবে কম্পিউটাৰে তেওঁলোকক প্ৰশ্ন কৰিব পাৰে আৰু তাৰ শুদ্ধ-অশুদ্ধ উত্তৰ নিৰ্ণয় কৰি দিব পাৰে।
  • এই গণন যন্ত্ৰই ছাত্ৰৰ গণনামূলক ক্ৰিয়া সহজ আৰু নিৰ্ভুল কৰি তোলে আৰু সময়ৰ মিতব্যয়িতা ৰক্ষা কৰিব পাৰে।
  • ছাত্ৰসকলে নিজ নিজ বিষয়ৰ জ্ঞান-অভিজ্ঞতা, তথ্য-পাতি আদি পৰিপাটিকৈ আৰু শৃংখলাবদ্ধভাৱে ৰাখিবলৈ ইয়াৰ পৰা শিকি উঠিব পাৰে।
  • এই যন্ত্ৰৰ যোগে শিক্ষাগ্ৰহণকাৰীয়ে তেওঁৰ নিজ শিক্ষা-অগ্ৰগতি অনুসৰি শিক্ষাগ্ৰহণ কাৰ্যত আগুৱাই যাব পাৰে।
  • ছাত্ৰসকলে তেওঁলোকৰ অৱসৰৰ সময়খিনি এই যন্ত্ৰটোৰ লগত সাৰ্থক মস্তিস্ক ক্ৰিয়াৰ যোগে গঠনাত্মকভাৱে কটাবলৈ প্ৰৰোচিত কৰিব পাৰে।
  • বৰ্তমান সময়ৰ গুৰুত্বপূৰ্ণ বা-বাতৰি আদি জানি উঠি নিজকে সজাগ আৰু সচেতন কৰি ৰখাটো ই ছাত্ৰ-ছাত্ৰীসকলক বিশেষ ধৰণে সহায় কৰে।
শিক্ষকসকলৰ বাবে
  • শিক্ষা বৰ্ষৰ কাম-কাজ আৰম্ভ হোৱাৰ পূৰ্বে শিক্ষাৰ প্ৰয়োজনীয় পৰিকল্পনা কৰি তোলাত কম্পিউটাৰ শিক্ষকৰ বাবে বিশেষ সহায়ক হৈ উঠিব পাৰে।
  • পাঠ্যক্ৰম আৰু পাঠ্য উপাদান প্ৰস্তুতকৰণ, সংশোধন আৰু ইয়াৰ সময়-সাপেক্ষভাৱে কাৰ্যকৰীকৰণত ই শিক্ষকক প্ৰয়োজনীয় নিদেৰ্শনা দিব পাৰে।
  • পৰীক্ষাৰ বাবে প্ৰশ্নকাকত প্ৰস্তুত কৰি তোলাটোত ই শিক্ষকক সহায় কৰিব পাৰে।
  • শিক্ষকে ছাত্ৰসকলৰ পৰীক্ষাৰ ফলাফল নিৰীক্ষণ, বিশ্লেষণ আৰু শ্ৰেনীকৰণ কৰাৰ বেলিকাও কম্পিউটাৰৰ সহায় ল’ব পাৰে।
  • প্ৰতিজন ছাত্ৰৰ বাবে প্ৰয়োজনীয় শিক্ষামূলক তথ্য সংগ্ৰহ কৰি ৰাখিবৰ বাবে শিক্ষকে এই যন্ত্ৰৰ সহায় ল’ব লাগে।
  • কম্পিউটাৰৰ সহায় লৈ শিক্ষকে শিক্ষাৰ বিভিন্ন দিশত প্ৰয়োজনীয় গৱেষণা আৰু জৰীপকৰণ কাৰ্য সম্পাদন কৰিব পাৰে।
  • বিজ্ঞান আৰু গণিত বিষয়ৰ সাৰ্থক শিক্ষাদানৰ বেলিকা শিক্ষকে প্ৰয়োজনীয় চিত্ৰ, ৰেখা-চিত্ৰ আৰু তালিকা আদি এই যন্ত্ৰৰ যোগে প্ৰয়োগ কৰিব পাৰে।
  • চিঠি-পত্ৰৰ যোগে শিক্ষকে ছাত্ৰৰ অভিভাৱসকসকলৰ লগত প্ৰয়োজনীয় যোগাযোগ ৰক্ষা কৰি চলিবৰ বাবেও কম্পিউটাৰৰ প্ৰয়োগ অপৰিহাৰ্য।
শিক্ষা-প্ৰশাসক সকলৰ বাবে
  • শিক্ষা প্ৰশাসন যন্ত্ৰ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে প্ৰয়োজন হোৱা প্ৰৱেশ-পত্ৰ, পৰিচয়-পত্ৰ আদিকে ধৰি সকলো যাৱতীয় ক্ৰিয়া পৰিচালনাৰ বাবে কম্পিউটাৰ যন্ত্ৰ হৈছে গুৰুত্বপূৰ্ণ সঁজুলি স্বৰূপ।
  • এই যন্ত্ৰই শিক্ষা-প্ৰশাসন আৰু পৰিচালনা অধিক সক্ষম আৰু সুচল কৰি তোলাৰ লগতে প্ৰয়োজনীয় ব্যয় কমাব পাৰে।
  • বৰ্তমান শিক্ষা-উদ্যোগ ব্যক্তিগতকৰণৰ দিশত কম্পিউটাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণৰ সম্ভাৱনীয়তাই দেখা দিছে।
  • শিক্ষানুষ্ঠানৰ আঁচনি প্ৰস্তুত আৰু পৰিচালনা কৰিবৰ বাবে কম্পিউটাৰে শিক্ষা-উদ্যোগীক ব্যক্তিগতভাৱে সহায় কৰিব পাৰে।
  • স্কুল-কাৰ্যালয়ৰ কৰ্মচাৰীসকলে শিক্ষা-মাচুল সংগ্ৰহ কৰা, চৰকাৰী অনুদান, শিক্ষামূলক বৃত্তি আদিৰ হিচাপ-নিকাচ ৰক্ষা কৰাত এই যন্ত্ৰই তেওঁলোকৰ কৰ্মদক্ষতা বৃদ্ধি কৰিব পাৰে।
  • শিক্ষকসকলৰ ব্যক্তিগত তথ্য-পাতি আদি অধ্যক্ষগৰাকীয়ে সংগ্ৰহ কৰি ৰাখি তাক সময়ত প্ৰয়োগ কৰিবৰ বাবেও কম্পিউটাৰ বিশেষ সহায়ক হৈ উঠিব পাৰে।
  • পৰীক্ষাৰ যাৱতীয় ক্ৰিয়া-পৰিচালনা কৰিবৰ বাবে প্ৰশ্ন কাকত প্ৰস্তুত কৰা, ফলাফল তালিকা ঘোষণা কৰা আৰু নম্বৰ তালিকা প্ৰস্তুত কৰিবৰ বাবে এই যন্ত্ৰ বিশেষ সহায়ক হৈ উঠিব পাৰে।
  • শিক্ষা কাৰ্যৰ সকলো ক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে প্ৰয়োজন হোৱা স্মৃতি শক্তি এই যন্ত্ৰই শিক্ষা-প্ৰশাসনক যোগান ধৰিব পাৰে।
কম্পিউটাৰৰ অনিষ্টকাৰী প্ৰভাৱ
  • কম্পিউটাৰৰ প্ৰয়োগ শিক্ষাত সাৰ্বজনীন কৰি তুলিব নোৱাৰি, যিহেতু ই এবিধ ইলেক্ট্ৰনিক যন্ত্ৰ, যাক কেৱল ব্যক্তিগতভাৱেহে প্ৰয়োগ কৰিব পৰা যায়।
  • এই যন্ত্ৰ অতি খৰচী হোৱা বাবে দুখীয়া শ্ৰেণীৰ লোকে শিক্ষা আহৰণৰ বাবে ইয়াক ক্ৰয় কৰিব নোৱাৰে।
  • ইয়াক শিক্ষাত উপযুক্তভাৱে প্ৰয়োগ কৰিবৰ বাবেও বিশেষ কাৰিকৰী প্ৰশিক্ষণৰ প্ৰয়োজন হয়, যি সাধাৰণ শিক্ষাৰ দৰে সহজলভ্য নহয়।
  • দেশৰ নিবনুৱা সমস্যা কম্পিউটাৰৰ প্ৰয়োগে অধিক জটিল কৰি তোলাটো এক বিশেষ চিন্তাৰ বিষয় হৈ পৰিছে।
  • কম্পিউটাৰৰ প্ৰয়োগে মানৱ-মস্তিষ্ক নিষ্ক্ৰিয়, নিচেষ্ট আৰু যন্ত্ৰৰ আজ্ঞাবাহী কৰি তোলাটো এক দুখদায়ক পৰিস্থিতি বুলিব পাৰি।
  • যান্ত্ৰিক ৰূপত গঢ়ি উঠা কম্পিউটাৰ সংস্কৃতিয়ে মানুহৰ মনৰ নৈতিক, সৌন্দৰ্যবোধক আৰু আধ্যাত্মিক মূল্যবোধ ভাব আদিৰ বিশেষ ক্ষতি সাধন কৰি তুলিছে। ইয়াৰ পৰিণতি আজি আমি দেখিবলৈ পাইছো।

ইণ্টাৰনেট

যোগাযোগ প্ৰযুক্তিবিদ্যাত ইণ্টাৰনেট হৈছে শেহতীয়া বিস্ময় স্বৰূপ। ইয়াক কম্পিউটাৰ প্ৰযুক্তিবিজ্ঞানৰ বিকাশৰেই আন এটা উন্নত পদক্ষেপ বুলিব পাৰি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে ১৯৬০ চনৰ পৰাই কম্পিউটাৰ নেটৱৰ্ক বা জালসদৃশ ক্ৰিয়া ব্যৱস্থা এটা গঢ়ি তোলাৰ সম্ভাৱনীয়তা সম্বন্ধে গৱেষণামূলক কাৰ্য হাতত লয়। তেওঁলোকৰ এনে প্ৰচেষ্টাৰ উদ্দেশ্য আছিল এয়ে যে পৃথিৱীত পাৰমাণৱিক ক্ষেপনাস্ত্ৰৰ দ্বাৰা যুদ্ধৰ ধ্বংসলীলা হ’বলৈ হ’লে কম্পিউটাৰৰ যোগে যোগাযোগ ৰক্ষা কৰি চলিব পৰা এক জালসদৃশ ব্যৱস্থা গঢ় দি তুলিবলৈ সক্ষম হৈ উঠিব। এই ক্ষেত্ৰত উচ্চ স্তৰৰ অধ্যয়নৰ এক গৱেষণামূলক প্ৰকল্প-সংস্থা গঢ়ি তোলা হয়। বৰ্তমান সময়ত পৃথিৱীব্যাপি গঢ়ি উঠা ইণ্টাৰনেট সেৱা ইয়াৰ পৰাই সৃষ্টি হয়। ১৯৮১ চনৰ পৰা কম্পিউটাৰৰ সংখ্যা আৰু ইয়াৰ ক্ৰিয়া-কলাপবোৰ নাটকীয়ভাৱে বৃদ্ধি পাই উঠে। টিম বাৰ্ণাৰ্চ লী নামৰ ছুজাৰলেণ্ডৰ এজন গৱেষক পণ্ডিতে পৃথিৱীব্যাপি যোগাযোগ স্থাপনৰ জাল এখন ৱৰ্লড ৱাইড ৱেব(WWW)গঢ় দি তুলিবলৈ সক্ষম হৈ উঠে। ইয়াৰ ফলত বা-বাতৰিবোৰ সমগ্ৰ পৃথিৱীতে সহজে পঢ়িব আৰু বুজিব পৰা ব্যৱস্থা এটাৰ সৃষ্টি হয়। ইয়াক কম্পিউটাৰত প্ৰয়োগৰ যোগে যোগাযোগ প্ৰযুক্তিবিজ্ঞানৰ এক বলিষ্ঠ পদক্ষেপ বুলিব পৰা যায়।
ইণ্টাৰনেট কি?
  • পৃথিৱীৰ সকলো কম্পিউটাৰৰ মাজত যোগাযোগ স্থাপন কৰিবৰ বাবে ইণ্টাৰনেট হৈছে এখন জালৰ দৰে গঢ়ি উঠা ইলেক্ট্ৰনিক ব্যৱস্থা।
  • ইয়াৰ যোগেদি অতি কম সময়তে, কম খৰচতে সমগ্ৰ বিশ্বৰ অগণন কম্পিউটাৰৰ লগত যোগাযোগ স্থাপন কৰিব পাৰি।
  • এই ব্যৱস্থাৰে বাতৰি সৰবৰাহ কৰাৰ বেলিকা আন্তৰ্জাতিকভাৱে প্ৰস্তুত কৰা কূটনৈতিক নীতি-নিয়ম সংশ্লিষ্ট সংস্থাবোৰে মানি চলিব লাগে।
  • বিশ্ব মানৱতাৰ বিবেচনাৰে মানুহৰ মনৰ ইচ্ছা, আগ্ৰহ আৰু প্ৰয়োজন আদি মুক্ত আৰু স্বত:প্ৰণোদিতভাৱে এই ইণ্টাৰনেট ব্যৱস্থাই পূৰণ কৰি তুলিব পাৰে।
  • ইণ্টাৰনেটৰ ক্ৰিয়া পৰিচালনা ব্যৱস্থাত কোনো বাধ্য-বাধকতা, আনুগত্যতা আৰু নীতি-নিষ্ঠতাৰ প্ৰতি প্ৰতিজ্ঞাবদ্ধতাৰ ভাব নাথাকে।
ইণ্টাৰনেটৰ প্ৰধান বৈশিষ্ট্যসমূহ
ইণ্টাৰনেটৰ স্বৰূপ তলত উল্লেখ কৰা বৈশিষ্ট্যবোৰত প্ৰকাশ লাভ কৰি উঠে-
  • ইয়াক নেটৱৰ্কবোৰৰ নেটৱৰ্ক বুলিব পাৰি। পৃথিৱীত সক্ৰিয় হৈ থকা সহস্ৰ কম্পিউটাৰবোৰৰ মাজত যোগাযোগ স্থাপন কৰি তোলা ই এক ঐক্যমঞ্চ বা জালস্বৰূপ ক্ৰিয়া।
  • এই ইণ্টাৰনেটৰ কোনো গৰাকী বা অধিকাৰী নাই। কোনো দেশ বা চৰকাৰে ইয়াক নিৰ্দেশ দিব আৰু নিয়ন্ত্ৰণ কৰিব নোৱাৰে।
  • ই মানুহক সহজ, সৰল আৰু স্বাভাৱিক মুক্ততা প্ৰদান কৰিব পাৰে। মানুহৰ ক্ৰিয়াত্মক দিশত থকা মনৰ মুক্ততাক ই বাস্তৱ ৰূপ দিব পাৰে।
  • ইণ্টাৰনেটৰ সকলো লোকেই সহজে ওচৰ চাপিব পাৰে। সেইবাবে ইয়াৰ অপপ্ৰয়োগৰ সম্ভাৱনীয়তাও অধিক।
  • ইয়াৰ প্ৰতিৰক্ষাৰ বাবে প্ৰয়োগৰ ক্ষেত্ৰত কেতবোৰ কূটনৈতিক নীতি-নিয়ম বা প্ৰ’ট’কল পালন কৰি চলিব লাগে।
  • ইণ্টাৰনেটৰ যোগেদি যোগাযোগ স্থাপনৰ দিশত বিভিন্ন বিষয়ৰ বহল পৰিসৰৰ বিষয়-বস্তু ই সামৰি ল’ব পাৰে।
  • ইয়াৰ যোগাযোগ ব্যৱস্থাৰ দিশত কোনো ৰাজনৈতিক সীমা নাথাকে। ইণ্টাৰনেটৰ ক্ৰিয়া সম্পাদন বিশ্বায়ন কৰি তোলা হৈছে।
  • এই ইণ্টাৰনেট কোনেও উদ্ভাৱন কৰা বিষয় নহয়। তিনিটা দশক ধৰি মানুহে যোগাযোগ ব্যৱস্থাৰে জ্ঞান আহৰণৰ বাবে থকা মনৰ ইচ্ছা শক্তিৰ ই বাস্তৱ প্ৰকাশ মাথোন।
  • ইণ্টাৰনেটৰ ক্ৰিয়া-কলাপবোৰ পৰীক্ষণসাপেক্ষ নহয়(uncensored)। কোনো বিষয়া বা কৰ্তৃপক্ষই এই ব্যৱস্থা নিয়ন্ত্ৰণ নকৰে।
  • উচ্চ শিক্ষাৰ বিশ্ববিদ্যালয়বোৰৰ মাজত এই ইণ্টাৰনেট ব্যৱস্থাৰে শিক্ষামূলক আদান-প্ৰদানৰ প্ৰচুৰ সম্ভাৱনীয়তা নিহিত হৈ আছে।
ইণ্টাৰনেটে কিদৰে ক্ৰিয়া কৰে?
ইণ্টাৰনেট ক্ৰিয়াত প্ৰৱেশ কৰিবৰ বাবে আমাক ইয়াৰ চাৰিটা অংশ আৰু এই সেৱা প্ৰদানকাৰী সংস্থাৰ প্ৰয়োজন হয়। ইয়াৰ স্বৰূপ আৰু অংশবোৰৰ ক্ৰিয়া-কলাপ তলত সংক্ষেপে বৰ্ণনা কৰা হৈছে-
(১) কম্পিউটাৰ
ইণ্টাৰনেটৰ ক্ৰিয়াত প্ৰৱেশ কৰিবৰ বাবে এটা কম্পিউটাৰে ক্ৰিয়া পৰিচালকৰ ভূমিকা গ্ৰহণ কৰে।
(২) মডেম
ইণ্টাৰনেটত প্ৰয়োগ কৰা চিহ্নবোৰৰ ৰূপান্তৰ সাধনকাৰী ই এক যন্ত্ৰ। উল্লেখযোগ্য যে কম্পিউটাৰে কেৱল ডিজিটেল চিহ্ন বা সংখ্যাৰ চিহ্ন গ্ৰহণ আৰু প্ৰেৰণ কৰিব পাৰে আৰু আনহাতে টেলিফোন লাইনে কেৱল এনালগ চিহ্ন বা ঢৌৰ চিহ্নহে গ্ৰহণ আৰু প্ৰেৰণ কৰিব পাৰে। কিন্তু এই মডেম নামৰ যন্ত্ৰটোৱে এই দুইবিধ চিহ্নৰ ৰূপান্তৰকাৰীৰ ভূমিকা গ্ৰহণ কৰে। সেইবাবে মডেমৰ সহায়েৰে কম্পিউটাৰে প্ৰেৰণ কৰা এনালগ চিহ্নবোৰক কম্পিউটাৰৰ বাবে ডিজিটেল চিহ্নলৈ ৰূপান্তৰ কৰি তুলিব পাৰে।
(৩) টেলিফোন লাইন
ইণ্টাৰনেট সেৱা প্ৰদানকাৰী সংস্থাৰ পৰা কম্পিউটাৰৰ যোগে ইণ্টাৰনেটত প্ৰৱেশ কৰিবৰ বাবে টেলিফোন লাইনক মাধ্যম স্বৰূপে প্ৰয়োগ কৰা হয়।
(৪) ছফ্‌টৱেৰ
মডেম, টেলিফোন লাইন আৰু কম্পিউটাৰৰ লগত তাল-মান ৰক্ষা কৰি যোগাযোগ স্থাপনেৰে ইণ্টাৰনেটত প্ৰৱেশ কৰিবৰ বাবে ছফ্‌টৱেৰ প্ৰয়োগ কৰা হয়। এই ছফ্‌টৱেৰেহে প্ৰয়োগকাৰীজনৰ বিশ্বাসযোগ্যতা আৰু প্ৰামাণিকতা ‘পাছ-ৱৰ্ড’ৰ(Pass-word)সহায়েৰে নিৰ্ধাৰণ কৰে। ইয়াৰ ফলত ইণ্টাৰনেটৰ সেৱা কাৰ্যত প্ৰৱেশৰ অনুমতিপ্ৰাপ্ত হয়।
(৫) ইণ্টাৰনেট সেৱা প্ৰদানকাৰী সংস্থা
ইণ্টাৰনেট সেৱাৰ সুবিধা প্ৰদান কৰা কেতবোৰ সংস্থা আছে যাৰ যোগেদিহে ইয়াৰ সুবিধা সৰ্বসাধাৰণ লোকে পাব পাৰে। এই সংস্থাবোৰক তাৰ বাবে গ্ৰাহকে মাচুল বা প্ৰয়োগৰ মূল্য প্ৰদান কৰিব লাগে।
শিক্ষাত ইণ্টাৰনেটৰ ব্যৱহাৰ
  • ই-মেইল
ইণ্টাৰনেটৰ ই-মেইল ব্যৱস্থাৰ যোগেদি বৈদ্যুতিক ডাক ব্যৱস্থাৰে গোপনীয়তা ৰক্ষা কৰি গুৰুত্বপূৰ্ণ বা-বাতৰি কম প্ৰেৰণ আৰু গ্ৰহণ কৰিব পাৰি।
  • বাতৰিৰ সংগ্ৰহ আৰু প্ৰকাশকৰণ
সংবাদ প্ৰতিষ্ঠানবোৰে ইয়াৰ সহায়েৰে ৰাতিৰ ভিতৰতে সংবাদ গ্ৰহণ আৰু প্ৰেৰণ কৰি বাতৰি কাকতৰ সংবাদ দ্ৰুতভাৱে মানুহৰ হাতত যোগাব পাৰে।
  • গৱেষণা কাৰ্য
বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ইণ্টাৰনেটৰ সহায়েৰে তেওঁলোকৰ গৱেষণা কাৰ্যৰ প্ৰয়োজনীয় তথ্য-পাতি সংগ্ৰহ কৰিব পাৰে।
  • আন্ত:বিশ্ববিদ্যালয়ৰ যোগাযোগ স্থাপন
এখন বিশ্ববিদ্যালয়ে শৈক্ষিক দিশত পৃথিৱীৰ আন এখন বিশ্ববিদ্যালয়ৰ লগত তথ্যৰ আদান-প্ৰদান কৰিবৰ বাবে যোগাযোগ স্থাপন কৰাত ইণ্টাৰনেটে বিশেষ সহায় কৰে।
  • দূৰ-শিক্ষা আঁচনি গ্ৰহণ
বৰ্তমান যোগাযোগ ব্যৱস্থাৰে দূৰ-শিক্ষা আঁচনি কাৰ্যকৰী কৰি তোলাতো ইণ্টাৰনেট ব্যৱস্থা অপৰিহাৰ্য স্বৰূপে বিবেচনা কৰা হয়।
  • ব্যৱসায়ৰ উদ্দেশ্য সাধন
ব্যৱসায়-বাণিজ্যৰ প্ৰতিষ্ঠানবোৰে তেওঁলোকৰ উৎপাদিত সামগ্ৰীবোৰ বিশ্ব বজাৰত বিক্ৰী কৰিবৰ বাবে ইণ্টাৰনেটৰ সহায় ল’ব পাৰে।
  • ই-কমাৰ্চ
বৈদ্যুতিক বাণিজ্য ব্যৱস্থাৰে বস্তুৰ কিনা-বেচা কৰিবলৈ বেংকৰ টকা-পইচাৰ লেনদেন কৰা কাৰ্যও ইণ্টাৰনেট ব্যৱস্থাই সহজে সম্পাদন কৰি উঠিব পাৰে।
  • আমোদ-প্ৰমোদৰ যোগে অৱসৰ বিনোদন
অৱসৰৰ সময়ত মানুহে নৃত্য-গীত, খেলা-ধূলা আৰু সাংস্কৃতিক ক্ৰিয়া সাৰ্থকভাৱে কটাবৰ বাবেও এই ইণ্টাৰনেট কাৰ্যসূচীয়ে বিশেষ সহায় কৰে।
ই-মেইল
ইংৰাজী ভাষাত প্ৰয়োগ কৰা সাংকেতিক শব্দ ‘Electronic mail’ বা ‘বৈদ্যুতিক ডাক’ অথবা ‘বিদ্যুতৰ যোগে বা-বাতৰি প্ৰেৰণৰ চৰকাৰী ব্যৱস্থা’। ইয়াত বা-বাতৰিৰ সৰবৰাহকৰণ সাধাৰণ চিঠি-পত্ৰ প্ৰেৰণৰ যোগে কৰা নহয়। অৱশ্যে ই-মেইলৰ সঞ্চালন ব্যৱস্থা সাধাৰণ চিঠি-পত্ৰৰ যোগে কৰা সঞ্চালনৰ ব্যৱস্থাতকৈ মূলতে পৃথক নহয়। ইয়াৰ ক্ৰিয়াত্মক প্ৰভেদ এয়ে যে এইবিধ ডাক ব্যৱস্থাৰে দ্ৰুত যোগাযোগ স্থাপন কৰিবলৈ কম্পিউটাৰ যন্ত্ৰৰ মাধ্যমেৰে ইণ্টাৰনেট ব্যৱস্থা প্ৰয়োগ কৰা হয়। সেইবাবে সংবাদ গ্ৰহণকাৰীলৈ পঠিওৱা বা-বাতৰি সহজে আৰু অতি কম সময়ৰ ভিতৰতে সংগ্ৰহ আৰু প্ৰেৰণ কৰি নিৰ্ভৰযোগ্যভাৱে প্ৰদান কৰিব পৰা যায়। এনে সংবাদ লিখিত চিঠি-পত্ৰৰ দৰে হেৰুওৱাৰ ভয় নাথাকে। সংবাদ প্ৰাপ্তিৰ ক্ষেত্ৰত থকা অনিশ্চয়তা, অতিশয় বিলম্ব আৰু নিৰ্ভৰযোগ্যহীনতাৰ আশংকা ইয়াত নাথাকে। এই ব্যৱস্থাই সংবাদৰ গোপনীয়তাও ৰক্ষা কৰি চলিব পাৰে। সেয়েহে এইবিধ ডাক ব্যৱস্থাই আজিৰ যুগৰ দ্ৰুত গতিৰে বাতৰি প্ৰেৰণৰ প্ৰয়োজন মানুহৰ বাবে পূৰণ কৰিবলৈ সক্ষম হৈ উঠিছে।
ইয়াৰ ক্ৰিয়া-কলাপ
  • এই ডাক ব্যৱস্থাৰ বাবে বাতৰি প্ৰেৰণকাৰী আৰু গ্ৰহণকাৰী দুয়ো পক্ষই ই-মেইলত নিজ নিজ হিচাব-নিকাচ(একাউণ্ট)খুলিব লাগে।
  • ই-মেইল খুলিবৰ বাবে ব্যৱহাৰকাৰীজনক চিনাক্তকৰণৰ একোটা চিহ্ন বা ‘পাছ-ৱৰ্ড’ প্ৰদান কৰা হয়।
  • ডাক গ্ৰহণকাৰীজনৰ গ্ৰহণ যন্ত্ৰ নিষ্ক্ৰিয় হৈ থাকিলেও প্ৰেৰণ কৰা বাৰ্তা ই-মেইল বাকচত সংগ্ৰহ হৈ থাকে।
  • এই ব্যৱস্থাৰে বাৰ্তা প্ৰেৰণৰ উপৰিও চিত্ৰ, শব্দ, সংগীত আদিও কঢ়িয়াই আনিব পৰা যায়।
  • এই ই-মেইল সেৱা আগবঢ়োৱাৰ দায়িত্ব বিভিন্ন কৰ্তৃত্বশীল সংস্থাই গ্ৰহণ কৰে।
ইয়াৰ প্ৰধান বৈশিষ্ট্যবোৰ
এইবিধ ডাক ব্যৱস্থাৰ স্বৰূপ তলৰ কথাকেইটাত ভালদৰে ফুটি উঠে-
  • ই-মেইল প্ৰেৰণ আৰু গ্ৰহণ কৰিবৰ বাবে দুয়ো দিশতে ব্যক্তিৰ ইণ্টাৰনেটত হিচাব-নিকাচ থকাটো প্ৰয়োজন।
  • ই-মেইল হৈছে ইণ্টাৰনেট ব্যৱস্থাই আগবঢ়োৱা এক বিশেষ সুবিধা। সেইবাবে ইণ্টাৰনেটত ই-মেইলৰ সদস্যভুক্ত হ’লেহে ইয়াৰ প্ৰয়োগৰ সুবিধা পাব পৰা যায়।
  • ই-মেইলৰ নিৰাপত্তা আৰু গোপনীয়তা ৰক্ষা কৰিবৰ বাবে প্ৰয়োগকাৰীৰ এটা ঠিকনা আৰু পাছ-ৱৰ্ড প্ৰয়োগ কৰা হয়।
  • ই-মেইলৰ বাৰ্তা গ্ৰহণকাৰীজনে সকলো সময়তে কম্পিউটাৰৰ ওচৰত বহি থাকিব নালাগে। ইণ্টাৰনেটৰ বাৰ্তা নিজে নিজে আহি মেইল বাকচত সংগ্ৰহ হৈ থাকে।
  • এইবিধ ব্যৱস্থাই বাৰ্তাৰ উপৰিও চিত্ৰ, শব্দ আৰু সংগীত আদিও গ্ৰহণকাৰীজনৰ বাবে কঢ়িয়াই আনিব পাৰে।
  • ই-মেইলৰ গ্ৰহণ, পৰিবহন আৰু সংৰক্ষণ ক্ষমতাও হয় যথেষ্ট অধিক। প্ৰায় ৩০-৪০ টা বাৰ্তা ই একে সময়তে সংগ্ৰহ কৰি ৰাখিব পাৰে।
  • পৃথিৱীৰ যিকোনো অঞ্চললৈকে বাৰ্তা প্ৰেৰণ ব্যৱস্থা অতি কম সময়ৰ ভিতৰতে কৰিব পাৰি।
  • এই ক্ষেত্ৰত নিৰাপত্তা আৰু নিৰ্ভৰযোগ্যতাও ৰক্ষা কৰিব পাৰি।
  • ইণ্টাৰনেটৰ যোগে ই-মেইল প্ৰেৰণ কৰা কাৰ্য কেতবোৰ সেৱা প্ৰদানকাৰী সংস্থাই আগবঢ়ায়।
  • বৰ্তমান ই-মেইল ব্যৱস্থাক ম’বাইলৰ চমু বাৰ্তা প্ৰেৰণ ব্যৱস্থাই(SMS)গুৰুত্বহীন কৰি তোলাটো লক্ষ্য কৰিব পাৰি।
টেলি-সন্মিলন বা দূৰালাপ
যোগাযোগ মাধ্যমৰ বৰ্তমান অতি আধুনিকতম ব্যৱস্থা হৈছে টেলি-সন্মিলন বা দূৰালাপ। এই ব্যৱস্থাৰ যোগেদি পৃথিৱীৰ যিকোনো অঞ্চলৰ পৰা আন এটা অঞ্চলৰ বা দেশৰ মানুহৰ লগত কথা-বতৰা, আলাপ-আলোচনা কৰিব পাৰি। টেলিফোন ব্যৱস্থাৰে কেৱল দুজন লোকেহে পৰস্পৰৰ মাজত কথা-বতৰা পাতিব পাৰে। কিন্তু এই টেলি-সন্মিলন যোগে একে সময়তে একাধিক লোকে ভিন ভিন ঠাইৰ পৰা তেওঁলোকৰ প্ৰয়োজনীয় বিষয়ৰ ওপৰত দলগতভাৱে ভাবৰ বিনিময় কৰিব পাৰে। এনে বিনিময় কৰাৰ কালত এজনে আনজনক মণিটৰৰ পৰ্দাত নিজ চকুৰে চাই সমুখা-সমুখিকৈ কথা পতাৰ দৰে পৰিবেশ আৰু সুবিধাও লাভ কৰিব পাৰে। বৰ্তমান প্ৰযুক্তিবিজ্ঞানে যোগাযোগ স্থাপনৰ দিশত সৃষ্টি কৰি তোলা এক ৰোমাঞ্চকৰ ঘটনা হৈছে এই টেলি-সন্মিলন। যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধনৰ দিশত মানৱ ইতিহাসত ই হৈছে এটা নতুন পদক্ষেপ।
ইয়াৰ বিভিন্ন প্ৰকাৰ
দূৰ-সন্মিলন যোগাযোগ ব্যৱস্থাক ইয়াৰ ক্ৰিয়া পদ্ধতিৰ ফালৰ পৰা তিনি প্ৰকাৰে বিভক্ত কৰিব পাৰি। সি হৈছে-
(ক) শ্ৰৱণ বিষয়ক
(খ) শ্ৰৱণ-দৰ্শন বিষয়ক আৰু
(গ) কম্পিউটাৰ যন্ত্ৰ বিষয়ক।
এই ব্যৱস্থাকেইটাৰ চমু বিৱৰণ তলত দিয়া হৈছে-
(ক) শ্ৰৱণ বিষয়ক
পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ লোকে টেলিফোন সংযোগ ব্যৱস্থাৰ যোগে আন এটা প্ৰান্তৰৰ লোকৰ লগত মৌখিকভাৱে কথাৰ আদান-প্ৰদান কৰিব পাৰে। এনে ব্যৱস্থাত কথোকথনৰ বেলিকা একে সময়তে একাধিক লোকে সন্মিলিত হৈ আলোচনাত অংশগ্ৰহণ কৰিব পাৰে। ই সাধাৰণ টেলিফোনৰ অৱস্থাতকৈ এক উন্নত আৰু বহল পৰিসৰৰ যোগাযোগ ব্যৱস্থা বুলিব পাৰি।
(খ) শ্ৰৱণ-দৰ্শন বিষয়ক
এই ব্যৱস্থাৰ যোগে ব্যক্তিয়ে কেৱল মুখেৰে কথা-বতৰা পতাই নহয়, এজনে আন এজনক টেলিভিছনৰ মণিটৰত নিজ চকুৰে দেখা-সাক্ষাৎ কৰিব পাৰে, কোনো বিষয়ৰ আলোচনা-বিলোচনা কৰিব পাৰে আৰু ভাব-অনুভূতিৰ এক বাস্তৱ ৰূপত আদান-প্ৰদান কৰিব পাৰে। এনে অৱস্থাত টেলিভিছন কাৰ্যসূচী প্ৰচাৰ কেন্দ্ৰৰ লগত মহাকাশত স্থাপন কৰা কৃত্ৰিম উপগ্ৰহৰ সংযোগ সাধন কৰা হয়। এই ক্ষেত্ৰত নিৰ্দ্দিষ্ট কাৰ্যসূচীৰ সময়ো পূৰ্ব নিৰ্ধাৰিত কৰি লোৱা হয়।
(গ) কম্পিউটাৰ যন্ত্ৰ বিষয়ক
এইবিধ ব্যৱস্থাত টেলিফোনৰ যোগাযোগ ব্যৱস্থাৰ লগত কম্পিউটাৰ যন্ত্ৰৰ সম্বন্ধ স্থাপন কৰা হয়। টেলিফোনৰ যোগে প্ৰেৰণ কৰা বাৰ্তা কম্পিউটাৰত সংৰক্ষণ কৰি তাক পৰৱৰ্তী কালত প্ৰদান কৰা হয়। ইয়াক ফেক্স-বাৰ্তা(Fax massage)বুলি জনা যায়। ইয়াৰ যোগেদি অতি দ্ৰুতভাৱে আৰু কম খৰচতে প্ৰয়োজনীয় ব্যক্তিয়ে তথ্য আৰু বা-বাতৰি আদি সৰবৰাহ কৰিব পাৰে।
ইয়াৰ শিক্ষা-সম্ভাৱনীয়তা
  • টেলি-সন্মিলনৰ প্ৰয়োগ উন্নত দেশবোৰৰ মাজতেই বৰ্তমান সীমাবদ্ধ হৈ থকাটো মন কৰিবলগীয়া। অৱশ্যে টেলিসংযোগ ব্যৱস্থাৰ উন্নতি হৈ উঠাৰ লগে লগে শিক্ষাৰ দিশত ইয়াৰ প্ৰয়োগৰ সম্ভাৱনীয়তা দিনক দিনে উজ্জ্বল হৈ উঠিছে।
  • ভিন ভিন দেশৰ বুদ্ধিজীৱী, বিজ্ঞানী আৰু বিশেষজ্ঞসকলৰ মাজত জ্ঞান-অভিজ্ঞতাৰ আদান-প্ৰদানৰ বেলিকা এই ব্যৱস্থাই অধিক সুবিধা আৰু সফলতা প্ৰদান কৰিব পাৰে।
  • ছাত্ৰ-শিক্ষকসকলৰ মাজতো আন্ত:ৰাজ্যিক আৰু আন্তৰ্জাতিক বুজাপৰা আৰু সদভাৱ্‌ গঢ়ি তোলাত এই প্ৰযুক্তিয়ে বিশেষ সফলতা আৰু সুচলতা লাভ কৰি উঠিব পাৰে।
চিডি-ৰম্‌
চিডি-ৰম্‌ৰ আক্ষৰিক অৰ্থ হৈছে প্ৰাপ্ত তথ্য-পাতি ‘দৃঢ়ভাৱে একত্ৰে সংযুক্ত কৰি ৰখা থাল, যাৰ কেৱল স্মৃতিহে অধ্যয়ন কৰা হয়’ অৰ্থাৎ ‘Compact Disk- Read Only Memory’। ই হৈছে ঘূৰণীয়া আকাৰৰ একোখন বৈদ্যুতিক থাল য’ত বহু তথ্য আৰু বাতৰি একেলগে সংৰক্ষণ কৰি ৰখা হয়। এই দৃঢ় থালৰ তথ্য কেৱল অধ্যয়নহে কৰিব পাৰি, তাৰ কোনো সংশোধন, সংযোজন বা বিলোপ সাধন কৰিব নোৱাৰি। এই থালৰ তথ্য সংৰক্ষণ ক্ষমতাও অধিক আৰু তাৰ গুণ-মানো হয় উন্নত। চিডিখনত সংগ্ৰহ কৰা তথ্য-পাতিবোৰ অধ্যয়ন কৰিবৰ বাবে এটা অন্ত:সংৰক্ষণ(input) কৌশল আছে, যাক চিডি-ৰম্‌ পৰিচালক( বোলা হয়। এই পৰিচালন ব্যৱস্থাটো কম্পিউটাৰৰ কেন্দ্ৰীয় প্ৰক্ৰিয়াকৰণ গোটতেই নিহিত হৈ থাকে। সেইবাবে চিডি-ৰম্‌ হৈছে কম্পিউটাৰৰ এক বহি:অংশ, যাৰ যোগেদি সকলোবিধ দৃশ্য-শ্ৰাব্য প্ৰতিৰূপ সংগ্ৰহ কৰি ৰখা হয়।
ইয়াৰ বৈশিষ্ট্যসমূহ-
  • ই হৈছে এবিধ বৈদ্যুতিক থাল, যাৰ দৃশ্য আৰু শ্ৰাব্য প্ৰতিৰূপবোৰ সংযুক্ত ৰূপত সংৰক্ষণ কৰিব পৰা অধিক ক্ষমতা থাকে।
  • চিডি-ৰম্‌ হৈছে কম্পিউটাৰ যন্ত্ৰৰ এক বহি:অংশ, যাক সহজে এঠাইৰ পৰা আন ঠাইলৈ বহন কৰিব পাৰি।
  • ইয়াৰ সংৰক্ষিত উপাদানবোৰক সংশোধন, সংযোজন, পৰিৱৰ্তন বা বিলোপ সাধন কৰিব পৰা নাযায়।
  • ইয়াৰ সংৰক্ষণ ক্ষমতাও হৈছে অধিক আৰু ই সুদৃঢ় বিধৰ হৈ থাকে।
  • চিডিৰ সংৰক্ষিত উপাদানবোৰ অধ্যয়ন কৰিবৰ বাবে চিডি-ৰম্‌ পৰিচালক বা provider-ৰ সহায় ল’ব লাগে।
  • চিডিৰ এই পৰিচালন প্ৰক্ৰিয়া কম্পিউটাৰ যন্ত্ৰৰ চিপিইউ গোটে সম্পাদন কৰে।
  • চিডি-ৰম্‌ক গতানুগতিকভাৱে থকা পুথি অধ্যয়নৰ এক উন্নতি প্ৰযুক্তিবিজ্ঞানমূলক ব্যৱস্থা বুলিব পাৰি।
ইয়াৰ শিক্ষামূলক প্ৰয়োগ-
  • সৰ্বসাধাৰণ লোকৰো হাতে হাতে শিক্ষা আৰু আমোদ-প্ৰমোদৰ জনপ্ৰিয় সঁজুলি স্বৰূপে ইয়াৰ প্ৰয়োগ কৰা হয়।
  • শিক্ষা ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী, শিক্ষক, বিজ্ঞানী আৰু বিদ্বান লোকসকলে প্ৰয়োজনীয় তথ্য লগত ৰাখিবলৈ ই বিশেষ সুবিধাজনক।
  • কলা-সংস্কৃতি, নৃত্য-গীত, খেলা-ধূলা, পাণ্ডিত্যপূৰ্ণ কথিকা, ৰাজনৈতিক ঘটনা আদি সংৰক্ষণ আৰু পৰিবেশনৰ বাবে ই অতি সুবিধাজনক।
  • বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানৰ স্মৰণীয় ঘটনাসমূহ ইয়াৰ যোগেদি শ্ৰেণীকক্ষৰ পৰিবেশলৈ লৈ যাব পৰা যায়।
  • শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীৰ বাবে দৃশ্য-শ্ৰাব্য সঁজুলি স্বৰূপে ইয়াক শিক্ষকে সাৰ্থক আৰু সুবিধাজনকভাৱে প্ৰয়োগ কৰিব পাৰে।

ৱেবছাইট

বৰ্তমান সময়ত অধিকভাৱে প্ৰয়োগ কৰি উঠা আৰু গুৰুত্ব লাভ কৰি উঠা ধাৰণা হৈছে ‘ৱেবছাইট’ যি ইণ্টাৰনেট ব্যৱস্থাৰ এক অন্তৰ্ৱৰ্তী বিষয়। ‘ৱেবছাইট’ৰ শব্দগত অৰ্থ বিশ্লেষণ কৰিলে আমি পাওঁ, ‘ৱেব’ৰ অৰ্থ হৈছে ‘জাল’ আৰু ‘ছাইট’ৰ অৰ্থ হৈছে ‘স্থান’ বা ‘অৱস্থান’ বা স্থাপনৰ ঠাই বিশেষ। ইয়াৰ পৰা ক’ব পাৰি যে সমগ্ৰ বিশ্বক আগুৰি থকা বা-বাতৰিৰ ‘নেটৱৰ্ক’ বা এখন জালসদৃশ প্ৰক্ৰিয়াৰ মাজত এক বিশেষ স্থান নিৰ্ণয় কৰাই হৈছে ‘ৱেবছাইট’। ইণ্টাৰনেট হৈছে পৃথিৱীজুৰি আগুৰি থকা জালখনৰ সৰু সৰু অগণন স্থানৰ সমষ্টি আৰু ৱেবছাইট হৈছে ইয়াৰেই বিবেচনা কৰিবলগা এক বিশেষ স্থান। সেই হেতুকে পৃথিৱীব্যাপি থকা সংবাদৰ জাল(World Wide Web)বৰ্তমান দ্ৰুততৰভাৱে বাতৰি সৰবৰাহকৰণৰ এক সেৱা ব্যৱস্থা স্বৰূপে গঢ় লৈ উঠিছে। এই ৱেবছাইটত সংগ্ৰহ কৰা বাতৰিৰ বিভিন্ন উপাদানবোৰ হৈছে মূল পাঠ(text), চিত্ৰ, শব্দ, সংগীত বা আন যিকোনো ইন্দ্ৰিয় অভিজ্ঞতা আদি। এইবোৰ বৈদ্যুতিক পৃষ্ঠা(electronic page) আকাৰে ৱেবছাইটত সংগ্ৰহ কৰি ৰখা হয়, যাক ‘ৱেব পেজ’ বুলি জনা যায়। ইয়াৰ প্ৰথম পৃষ্ঠাক ‘হোম পেজ’ নাইবা গৃহ পৃষ্ঠা বা পৰিচিত পৃষ্ঠা বুলি জনা যায়। ইয়াত পৰৱৰ্তী পৃষ্ঠাবোৰৰ প্ৰয়োজনীয় নিদেৰ্শনা দিয়া থাকে। ইয়াত সংযুক্ত আন আন পৃষ্ঠাক ‘চাইলড্‌ পেজ’ বুলি জনা যায়। দূৰৰ পৰা এটা কম্পিউটাৰ যন্ত্ৰই ইণ্টাৰনেটৰ যোগেদি এই ৱেবছাইটত প্ৰৱেশ কৰিব পাৰে। এনে প্ৰৱেশকৰণৰ বাবে এক অভিনৱ পদ্ধতিৰ ঠিকনা প্ৰয়োগ কৰা হয়, যাক ‘ৱেবছাইট এড্ৰেছ’ বা জালৰ স্থানৰ ঠিকনা বোলা হয়। প্ৰয়োগকাৰীজনে পৃষ্ঠাবোৰত সংগৃহীত বাতৰিৰ প্ৰয়োজনীয় অংশ বাছি উলিয়াবৰ বাবে ‘ব্ৰাউজাৰ’ নামৰ এবিধ ছফট্‌ৱেৰ ব্যৱস্থা প্ৰয়োগ কৰিব লাগে।
ইয়াৰ সাংগঠনিক বৈশিষ্ট্যবোৰ
তলত উল্লেখ কৰা সাংগঠনিক বৈশিষ্ট্যবোৰে ৱেবছাইটৰ স্বৰূপ আমাৰ মনত স্পষ্ট কৰি তুলিব পাৰে-
  • ৱেবছাইট হৈছে সমগ্ৰ বিশ্বকে আগুৰি থকা মানুহৰ যোগাযোগ ব্যৱস্থাৰ জালখনৰ এক বিশেষ স্থান স্বৰূপ, য’ত সকলো ধৰণৰ বা-বাতৰিৰ তথ্য সংগ্ৰহ কৰা হয়।
  • এই ৱেবছাইটত কেতবোৰ পৃষ্ঠা আকাৰে বা-বাতৰিবোৰ সংগ্ৰহ কৰি ৰখা হয়, যাক ‘ৱেব-পেজ’ বোলা হয়।
  • ইয়াৰ পৰিচয়মূলক প্ৰথম পৃষ্ঠাক ‘হ’মপেজ’ বোলা হয়।
  • ৱেবছাইট ব্যৱহাৰকাৰীজনে সংৰক্ষিত এই বা-বাতৰিবোৰ এটা অভিনৱ ঠিকনা প্ৰয়োগ কৰি তাৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে।
  • বাতৰি সংৰক্ষণ কৰা পৃষ্ঠাবোৰৰ পৰা কোনো নিৰ্দ্দিষ্ট বাতৰি বিচাৰি উলিয়াবৰ বাবে কম্পিউটাৰৰ ছফট্‌ৱেৰ ব্যৱস্থাৰে ‘ব্ৰাউজাৰ’ প্ৰয়োগ কৰা হয়।
  • ৱেবছাইটত বাতৰি সংৰক্ষণকাৰী আৰু সেই বাতৰি প্ৰয়োগকাৰী উভয়ৰে প্ৰয়োজন ৱেবছাইটে পূৰণ কৰি তুলিব পাৰে।
  • ই হৈছে ইণ্টাৰনেটৰ যোগেদি আগবঢ়োৱা পৃথিৱীৰ সৰ্ববৃহৎ আৰু সকলোতকৈ দ্ৰুত যোগাযোগ সেৱা ব্যৱস্থা।
ইয়াৰ শিক্ষা সম্ভাৱনীয়তা
  • আজিৰ সময়লৈকে অত্যাধুনিকভাৱে শিক্ষা প্ৰদান কৰিব পৰা প্ৰযুক্তিবিজ্ঞানৰ আহিলা হৈছে এই ৱেবছাইট।
  • ছাত্ৰ-শিক্ষক-অভিভাৱক আৰু শিক্ষা-প্ৰশাসকসকলে শেহতীয়াকৈ তেওঁলোকৰ শিক্ষামূলক প্ৰয়োজনীয় বা-বাতৰি আৰু তথ্য-পাতি আদি এই ৱেবছাইটৰ যোগেদি সংগ্ৰহ কৰিব পাৰে।
  • দেশ-বিদেশৰ দূৰ ঠাইত আৰু আওহতীয়া ঠাইত থকা ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰা, পৰীক্ষাৰ ফলাফল জানি উঠা আদি গুৰুত্বপূৰ্ণ বাতৰি সংগ্ৰহৰ বাবে ৱেবছাইটত বিশেষ নিৰ্ভৰ কৰিব লাগে।
  • নতুন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে জানি উঠিবলগা বা-বাতৰি, যেনে- পাঠ্যক্ৰম, পাঠ্যপুথি, শিক্ষাগ্ৰহণৰ সময়সীমা, শিক্ষা-মাচুল, অনুষ্ঠানৰ প্ৰদত্ত শিক্ষা সা-সুবিধা, শিক্ষকমণ্ডলীৰ শৈক্ষিক গুণাগুণ আৰু অনুষ্ঠানটোৰ ঐতিহ্য আদি ৱেবছাইটৰ যোগে সহজে জানি উঠিব পাৰি।
  • দেশ-বিদেশৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত চাকৰিৰ নিযুক্তিৰ বাবে প্ৰয়োজনীয় অৰ্হতা, সা-সুবিধা, দৰমহা, পদোন্নতি আদিৰ সবিশেষ বাতৰি ৱেবছাইটে যোগান ধৰিব পাৰে।
  • শিক্ষা-গৱেষণা কাৰ্যত জড়িত থকা লোকসকলে ৱেবছাইটৰ যোগে পৃথিৱীৰ বিখ্যাত বিশ্ববিদ্যালয়বোৰৰ লগত যোগাযোগ স্থাপন কৰি বিশেষভাৱে উপকৃত হ’ব পাৰে।|

1 comment:

Post Bottom Ad

Responsive Ads Here

Pages