জ্ঞান সঁফুৰা - North East Quiz Web

North East Quiz Web

A new light

Trending video

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 2 June 2016

জ্ঞান সঁফুৰা

CONTENTS
  1. সাহিত্য
  2. চলচ্চিত্ৰ
  3. বুৰঞ্জী
সাহিত্য
১. অসমীয়া ভাষা- সাহিত্যৰ জনক কোন?

উত্তৰ:- শ্ৰীমন্ত শংকৰদেৱ৷
২. শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি?

উত্তৰ:- কীৰ্ত্তন|
৩. প্ৰথম অসমীয়া গদ্য লেখক কোন?

উত্তৰ:- ভট্টদেৱ৷
৪. প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচক কোন?

উত্তৰ:- যতীন্দ্ৰ নাথ দুৱৰা৷
৫. অসমীয়া চুটিগল্পৰ জনক কোন?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা৷
৬. প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱাৰ 'সুৰভি’৷
৭. অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোঁতা কোন?

উত্তৰ:- ৰবিন্সন (১৮৩৯ চন)
৮. অসমীয়া ভাষাত প্ৰথম অভিধান ৰচোঁতা কোন?

উত্তৰ:- ব্ৰনচন (১৮৬৭ চন)
৯. অসম সাহিত্যসভাৰ প্ৰথম সভাপতি কোন?

উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা৷
১০. অসম সাহিত্যসভাৰ প্ৰথম অধিবেশন কোন ঠাইত আৰু কিমান চনত হৈছিল?

উত্তৰ:- শিৱসাগৰত, ১৯১৭ চনৰ ডিচেম্বৰ মাহত৷
১১. অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তিজন কোন আছিল?

উত্তৰ:- হেমচন্দ্ৰ বৰুৱা৷
১২. প্ৰথম অসমীয়া নাটক --- শংকৰদেৱৰ চিহ্নযাত্ৰা৷
১৩. প্ৰথম অসমীয়া কথাকবিতাৰ ৰচিয়তা --- যতীন্দ্ৰ নাথ দুৱৰা৷
১৪. প্ৰথম অসমীয়া ছপা পুথি --- আত্মাৰাম শৰ্মাৰ ধৰ্মপুস্তক (১৮১৩ চন)৷
১৫. প্ৰথম অসমীয়া চিকাৰ কাহিনী --- তৰুণৰাম ফুকনৰ চিকাৰ কাহিনী৷
১৬. প্ৰথম অসমীয়া ছনেট --- হেমচন্দ গোস্বামী ৰচিত প্ৰিয়তমাৰ চিঠি ৷
১৭. প্ৰথম অসমীয়া ছপা উপন্যাস --- পদ্মনাথ গোহাঞিবৰুৱা ৰচিত লাহৰী (১৮৯২ চন) ৷

চলচ্চিত্ৰ

১. অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল?

উত্তৰ:- ১৯৮৫ চন ৷
২. অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা গৰাকী কোন?

উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা৷
৩. কোন চনত জ্যোতি চিত্ৰাবন স্থাপিত হয়?

উত্তৰ:- ১৯৬৮ চন৷
৪. প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি?

উত্তৰ:- জয়মতী (১৯৩৫)|
৫. কথাছবি ৰূপ দিয়া প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?

উত্তৰ:- মনোমতী৷
৬. প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা খনৰ নাম কি?

উত্তৰ:- ভাইটি (১৯৭২)
৭. প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূলনায়িকা গৰাকী কোন আছিল?

উত্তৰ:- আইদেউ সন্দিকৈ ৷
৮. অসমত প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল?

উত্তৰ:- ১৯৪৮ চনত ৷
৯. স্বৰ্ণকমল বটাঁ প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি?

উত্তৰ:- হালধীয়া চৰাইয়ে বাওধান খায়, পৰিচালক জাহ্নু বৰুৱা (১৯৮৭ চন)৷
১০. চামেলি মেমচাব কথাছবিখনৰ সংগীত পৰিচালক কোন?

উত্তৰ:- ড০ ভূপেন হাজৰিকা৷
১১. শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি?

উত্তৰ:- আব্দুল মজিদ পৰিচালিত চামেলী মেমচাব৷
১২. ৰাষ্ট্ৰপতিৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি?

উত্তৰ:- নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ ৷
১৩. ড০ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি?

উত্তৰ:- এৰা বাটৰ সুৰ ৷
১৪. ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি?

উত্তৰ:- পিয়লি ফুকন৷
১৫. অসম ৰাজ্যিক চলচ্চিত্ৰ ষ্টুডিঅ কোন ঠাইত আছে?

উত্তৰ:- গুৱাহাটী (কাহিলীপাৰাত)৷

বুৰঞ্জী

১. অসমৰ প্ৰাচীন নাম কি?
উত্তৰ:- প্ৰাগজ্যোতিষপুৰ
২. কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে?

উত্তৰ:- ভাস্কৰবৰ্মাৰ দিনত৷
৩. চীনা পৰিব্ৰাজকজনৰ নাম কি?

উত্তৰ:- হিউৱেন চাং
৪. ‘অসম’ নাম কেতিয়াৰ পৰা হয়?

উত্তৰ:- আহোমসকলৰ ৰাজত্ব কালৰ পৰা৷
৫. আহোমসকলৰ আদি ৰজা কোন আছিল?

উত্তৰ:- চুকাফা৷
৬. আহোমৰ শেষ ৰজাজনৰ নাম কি?

উত্তৰ:- স্বৰ্গদেউ পুৰন্দৰ সিংহ৷
৭. আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল?

উত্তৰ:- প্ৰায় ৬০০ বছৰ৷
৮. আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল?

উত্তৰ:- ইটাখুলি ৰণ (১৬৮২ খ্ৰী:)৷
৯. কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ণ হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল?

উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহই৷
১০. আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি?

উত্তৰ:- চুলিকফা (ৰত্নধ্বজ সিংহ)৷
১১. শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল?

উত্তৰ:- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই (১৭৫১ চনত)৷
১২. ৰংঘৰ কোনে সজাইছিল?

উত্তৰ:- স্বৰ্গদেউ প্ৰমত্ত সিংহয় (১৭৪৬ চনত)৷
১৩. অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল?

উত্তৰ:- বদন বৰফুকনে৷
১৪. কেতিয়াৰ পৰা অসম বৃটিচৰ অধীনলৈ যায়?

উত্তৰ:- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা (ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে)৷
১৫. কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল?

উত্তৰ:- কুমাৰ ভাস্কৰ বৰ্মৰ দিনত৷
১৬. কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?

উত্তৰ:- নৰনাৰায়ণ৷
১৭. শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল?

উত্তৰ:- চক্ৰধ্বজ সিংহৰ দিনত৷
১৮. শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল?

উত্তৰ:- লাচিত বৰফুকন ৷
১৯. শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল?

উত্তৰ:- ৰাম সিংহ ৷
২০. মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল?


উত্তৰ:- ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত৷

2 comments:

Post Bottom Ad

Responsive Ads Here

Pages